নিৰ্বাচনী দায়িত্বৰ পিছত এইবাৰ শিক্ষকক দিয়া হ’ল বাটৰ কুকুৰ গণনাৰ দায়িত্ব! বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়া

বিহাৰত লোকপিয়ল, বিএলঅ’ ডিউটি আৰু জাতিগত জৰীপৰ দৰে অনা-শৈক্ষিক কামত শিক্ষকক নিয়োগ কৰাটো এক নিয়মিত ঘটনাত পৰিণত হৈছে। কিন্তু এইবাৰ ৰহতাছ জিলাৰ চাছাৰাম পৌৰ নিগমে শিক্ষকক যি নতুন দায়িত্ব দিছে, তাক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। পৌৰ নিগমৰ এক নিৰ্দেশনা অনুসৰি, পৌৰ এলেকাৰ প্ৰতিখন বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষকক ‘নডেল অফিচাৰ’ হিচাপে নিযুক্তি দিয়া হ’ব, যাৰ মূল কাম হ’ব বিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা অঘৰী কুকুৰৰ তথ্য সংগ্ৰহ কৰা।

এই নিৰ্দেশনা মৰ্মে, নিৰ্বাচিত ন’ডেল শিক্ষকজনে সংশ্লিষ্ট অঞ্চলত থকা কুকুৰৰ সংখ্যা, সেইবোৰৰ স্বাস্থ্য আৰু কুকুৰ নিয়ন্ত্ৰণৰ বাবে ল’ব পৰা ব্যৱস্থাৰ বিষয়ে সবিশেষ প্ৰতিবেদন পৌৰ কৰ্তৃপক্ষক দিব লাগিব। পৌৰ নিগমে অঘৰী কুকুৰৰ বাবে এক সুকীয়া আশ্ৰয় গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু তাৰ বাবেই শিক্ষকসকলক এই তথ্য সংগ্ৰহৰ কামত লগোৱা হৈছে। চাছাৰাম পৌৰ নিগমৰ আয়ুক্তই জনাইছে যে চৰকাৰী নিৰ্দেশনা অনুসৰিয়েই এই পদক্ষেপ লোৱা হৈছে। ইফালে, চৰকাৰৰ এই অদ্ভুত নিৰ্দেশত শিক্ষক সমাজ ক্ষুব্ধ হৈ পৰিছে। ইতিমধ্যে বিভিন্ন কামৰ বোজাত অতিষ্ঠ হৈ থকা শিক্ষকসকলে এতিয়া কুকুৰৰ হিচাপ ৰাখিবলগীয়া হোৱা কাৰ্যই তেওঁলোকক চৰম অপমানিত কৰিছে। শ্ৰেণীকোঠাত পাঠদান কৰাৰ পৰিৱৰ্তে শিক্ষকক ‘কুকুৰ পহৰীয়া’ৰ দৰে কামত নিয়োগ কৰা এই ব্যৱস্থাই ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ দুৰ্ভাগ্যজনক স্থিতিকে উদঙাই দিছে বুলি শিক্ষকসকলে অভিযোগ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *