মুখ্যমন্ত্ৰীয়ে ধুবুৰীক বেয়া পায়, কিন্তু ইয়াৰে ছিণ্ডিকেটৰ ধন ভাল পায়ঃ ৰকিবুল হুছেইনৰ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ দুই প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ। নিৰ্বাচনী টিকট বিতৰণৰ নামত কংগ্ৰেছে কোটি কোটি টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা অভিযোগৰ মঙলবাৰে কঠোৰ প্ৰত্যুত্তৰ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। সাংসদগৰাকীৰ মতে, এনে ধৰণৰ “বেআইনী কাম” কেৱল হিমন্ত বিশ্ব শৰ্মাইহে কৰিব পাৰে আৰু তেনে লোক পৃথিৱীত বিৰল। ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত চেঙা খোলাবন্ধা এল পি স্কুলৰ হীৰক জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি হুছেইনে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ মানুহক ভাল নাপাব পাৰে, কিন্তু জিলাখনত চলি থকা চিণ্ডিকেটৰ পৰা ধন ল’বলৈ তেওঁৰ কোনো কুণ্ঠাবোধ নাই। উজনি অসমত বিজেপিৰ প্ৰভাৱ হ্ৰাস পোৱাৰ বাবেই মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈ পৰিছে বুলি দাবী কৰি হুছেইনে কয় যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ শৰ্মাই এতিয়া বদৰুদ্দিন আজমলৰ আশ্ৰয় লৈছে। বিৰোধী ঐক্যৰ প্ৰসংগত সাংসদগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ২০২৬ চনত বিৰোধী দলসমূহৰ মাজত নিৰ্বাচনপূৰ্ব মিত্ৰতা নিশ্চিত। এই মিত্ৰতাৰ সূত্ৰ অনুসৰি কংগ্ৰেছে ১০০টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী থকা ২৬খন আসন মিত্ৰজোঁটৰ আন দলসমূহৰ বাবে এৰি দিয়া হ’ব। ৰাজনৈতিকভাৱে অকলশৰীয়া হোৱাৰ ভয়তে বিজেপিয়ে এতিয়া এআইইউডিএফৰ সৈতে গোপন বুজাপৰা কৰা বুলিও তেওঁ মন্তব্য কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *