পুনৰ বাংলাদেশত হত্যাৰ বলি হিন্দু! ২০ দিনত সংঘটিত ৭ টাকৈ হত্যাকাণ্ড

বাংলাদেশত চলি থকা অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ মাজতে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। যোৱা ২০ দিনৰ ভিতৰত ৭ টাকৈ হত্যাকাণ্ডৰ বাতৰিয়ে চুবুৰীয়া দেশখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ গভীৰ প্ৰশ্ন উত্থাপন কৰিছে। শেহতীয়াকৈ মিথুন সৰকাৰ (২৫) নামৰ এজন হিন্দু যুৱকৰ ৰহস্যজনক মৃত্যুৱে এই পৰিস্থিতিক অধিক উত্তপ্ত কৰি তুলিছে। প্ৰকাশিত খবৰ অনুসৰি, চুৰিৰ মিছা সন্দেহত এদল উত্তেজিত লোকে খেদি যোৱাত প্ৰাণ ৰক্ষাৰ বাবে মিথুন সৰকাৰে এটা খাৱৈত জাপ দিয়ে আৰু তাতেই তেওঁৰ মৃত্যু ঘটে। মঙলবাৰে আৰক্ষীয়ে ভাণ্ডাৰপুৰ গাঁৱৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বে ৫ জানুৱাৰীত যশোৰ জিলাত ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজন সাংবাদিক তথা ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ লগতে নিশা নৰসিংদী জিলাত মণি চক্ৰৱৰ্তী নামৰ এজন দোকানীৰ ওপৰতো নৃশংস আক্ৰমণ চলোৱা হয়। বাংলাদেশ সংখ্যালঘু মঞ্চৰ তথ্য অনুসৰি, কেৱল জানুৱাৰী মাহৰ প্ৰথম ৫ দিনৰ ভিতৰত সত্য ৰঞ্জন দাস, খোকন চন্দ্ৰ দাস, শুভো পোদ্দাৰ আৰু ৰাণা প্ৰতাপ বৈৰাগীসহ ৫ গৰাকী হিন্দু লোকক হত্যা কৰা হৈছে। ডিচেম্বৰ মাহত সংখ্যালঘুৰ বিৰুদ্ধে অন্ততঃ ৫১টা হিংসাত্মক ঘটনা পঞ্জীয়ন কৰা হৈছে, য’ত লুটপাত, অগ্নিসংযোগ আৰু ধৰ্ষণৰ দৰে জঘন্য অপৰাধো অন্তৰ্ভুক্ত। আগন্তুক ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে চলোৱা এই পৰিকল্পিত হিংসাই দেশখনত বসবাস কৰা ১.৩ কোটিৰো অধিক হিন্দু লোকৰ মাজত তীব্ৰ আতংক আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *