কোনো ভাষাই আনতকৈ উচ্চ বা নিম্ন হ’ব নোৱাৰেঃ মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডু

পৃথিৱীৰ কোনো ভাষাই আন এটা ভাষাতকৈ শ্ৰেষ্ঠ বা হীন হ’ব নোৱাৰে আৰু ভাষিক বৈচিত্ৰ্যৰ মাজত পৰস্পৰৰ প্ৰতি সন্মান থকাটোৱেই সুস্থ সমাজৰ পৰিচয়। অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰত আয়োজিত চতুৰ্থ বিশ্ব তেলুগু সন্মিলনত অংশগ্ৰহণ কৰি সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। মাতৃভাষাৰ চৰ্চাই মানুহক উৎকৰ্ষ সাধনত সহায় কৰে বুলি উল্লেখ কৰি তেওঁ ভাষাৰ মৰ্যাদা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰী নাইডুৱে ভাষণ প্ৰসংগত কয় যে বৰ্তমানৰ প্ৰযুক্তিবিদ্যাই ভাষালৈ কোনো সংকট কঢ়িয়াই অনা নাই, বৰঞ্চ ই ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰতহে বিশেষ অৰিহণা যোগাইছে। ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰিও তেওঁ কয় যে ইংৰাজী শিকিবলৈ গৈ নিজৰ মাতৃভাষাক পাহৰি যোৱাটো নিজৰ পৰিচয় হেৰুৱাই পেলোৱাৰ দৰেই কথা। ভাৰতৰ শতাধিক ভাষাৰ ভিতৰত তেলুগুৱে অন্যতম ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাটো সমগ্ৰ তেলুগুভাষী লোকৰ বাবে এক গৌৰৱৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে।ডিজিটেল যুগৰ এই সময়ছোৱাত মাতৃভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ নতুন প্ৰজন্মক আহ্বান জনায়। সন্মিলনখনত উপস্থিত থকা বিভিন্ন দেশৰ তেলুগু প্ৰতিনিধিসকলৰ আগত তেওঁ নিজৰ শিপা আৰু ঐতিহ্যক ধৰি ৰখাৰ বাবে পুনৰবাৰ সংকল্প ল’বলৈ কয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *