বজাৰত আলুৰ উচিত মূল্যৰ দাবীৰে শদিয়াৰ ৰাজপথত প্ৰতিবাদত কৃষকৰ

বজাৰত উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱাৰ প্ৰতিবাদত শদিয়াৰ এচাম থলুৱা আলু খেতিয়কে ৰাজপথত বস্তাই বস্তাই আলু নিক্ষেপ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ ‘পথাৰ আমাৰ বজাৰ আমাৰ’ আহ্বানত অনুপ্ৰাণিত হৈ শদিয়াৰ এই নিবনুৱাসকলে আলু খেতিত মনোনিৱেশ কৰিছিল যদিও বহিৰাগতৰ নিয়ন্ত্ৰণত থকা বজাৰত বৰ্তমান আলুৰ মূল্য মাত্ৰ ছয় টকা হোৱাত কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰিছে। প্ৰতিবাদকাৰী কৃষকসকলে শদিয়াত শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা আৰু বহিৰাগত বণিকৰ আগ্ৰাসনৰ পৰা তিনিচুকীয়াৰ আলু বজাৰখন মুক্ত কৰিবলৈ দাবী জনায়।

অভিযোগ অনুসৰি, তিনিচুকীয়াৰ বহিৰাগত ব্যৱসায়ী চক্ৰই কানপুৰ, নাগপুৰ, শ্বিলং আৰু বেংগালুৰু আদিৰ পৰা নূন্যতম মূল্যত আলু-পিঁয়াজ আমদানি কৰি শীতলীকৰণ ভঁৰালত মজুত ৰাখি এক গোপন ছিণ্ডিকেট চলাই আহিছে। খেতিৰ আৰম্ভণিতে এই বণিয়াসকলে কৃষকক বীজ যোগান ধৰি উৎপাদিত আলু ক্ৰয় কৰাৰ আশ্বাস দিয়ে যদিও বিক্ৰীৰ সময়ত মূল্য নিম্নগামী কৰি কৃষকক বিপাঙত পেলায়। বৰ্তমানৰ এই পৰিস্থিতিৰ বাবে থলুৱা কৃষকসকল চকুৰে আন্ধাৰ দেখিবলগীয়া হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *