বিশ্বৰ ৰাজনীতি কঁপাই যোৱা এক অভূতপূৰ্ব সামৰিক অভিযানৰ পাছত এতিয়া ভেনিজুৱেলাৰ ৰাজসিংহাসনত বহিছে নতুন অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি। আমেৰিকাৰ সেনাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক অপহৰণ কৰি নিউয়ৰ্কলৈ লৈ যোৱাৰ দুদিনৰ পাছত সোমবাৰে ডেলচি ৰড্ৰিগেজে দেশখনৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় বিধানসভাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ সমগ্ৰ ভেনিজুৱেলাবাসীৰ নামত এই দায়িত্ব গ্ৰহণ কৰা বুলি ঘোষণা কৰে। উল্লেখ্য যে, শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ৰাজধানীত অতৰ্কিতে আক্ৰমণ চলাই মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক ড্ৰাগছ সৰবৰাহৰ গোচৰত আটক কৰি লৈ যায়। শপত গ্ৰহণৰ সময়ত ডেলচি ৰড্ৰিগেজে এই ঘটনাক “নায়কৰ অপহৰণ” বুলি অভিহিত কৰি গভীৰ বেদনা প্ৰকাশ কৰে।
ইফালে, সংসদৰ বাহিৰত হাজাৰ হাজাৰ সমৰ্থকে মাদুৰোৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংসদৰ সদস্যসকলে মাদুৰোৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিলেও দেশখনৰ সুৰক্ষা আৰু ভৱিষ্যতৰ স্বাৰ্থত ৰড্ৰিগেজৰ নেতৃত্বক আদৰি লৈছে।মন কৰিবলগীয়া যে ডেলচি ৰড্ৰিগেজে ৱাশ্বিংটনৰ সৈতে সহযোগিতাৰ ইংগিত দিছে যদিও ডোনাল্ড ট্ৰাম্পে তেওঁক কঠোৰ সকীয়ানি দিছে। ট্ৰাম্পে স্পষ্ট কৰি দিছে যে যদিহে ভেনিজুৱেলাৰ নতুন চৰকাৰে নীতিগত সংস্কাৰ আৰু তেলৰ ওপৰত আমেৰিকাৰ কৰ্তৃত্ব মানি নলয়, তেন্তে ৰড্ৰিগেজেও মাদুৰোতকৈ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। বৰ্তমান ৰড্ৰিগেজৰ ভাতৃ জৰ্জ ৰড্ৰিগেজে সংসদৰ অধ্যক্ষৰ আসন দখল কৰাৰ লগে লগে দেশখনৰ কাৰ্যপালিকা আৰু বিধানমণ্ডল— দুয়োটা বিভাগৰে নিয়ন্ত্ৰণ এতিয়া এই অতি প্ৰভাৱশালী ভাতৃ-ভগ্নীৰ হাতলৈ গৈছে।
