কৰ্দৈৰ উপকাৰী গুণৰ বিষয়ে জানেনে

শাক-পাচলি তথা ফল-মূল আদি খালে ই শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিছুমান ফল আকৌ ঔষধৰ দৰে। শৰীৰত ঔষধৰ দৰে কাম কৰা এনে এবিধ বিশেষ ফল হৈছে অসমীয়াৰ বাৰীবোৰত সহজে উপলব্ধ কৰ্দৈ।

বিশেষজ্ঞৰ মতে, এইবিধ ফল অতি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ। ইয়াত থকা ভিটামিন, আঁহ আৰু খনিজ পদাৰ্থই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ হৈ থকাত সহায় কৰে।আয়ুৰ্বেদৰ মতে, কৰ্দৈয়ে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে। যিয়ে শৰীৰক ভিতৰৰ পৰা শীতলতা আৰু সতেজতা প্ৰদান কৰে। বৰ্তমান বৰষুণ আৰু আৰ্দ্ৰতাৰ বতৰ চলি আছে, এনে পৰিস্থিতিত কৰ্দৈ খোৱাটোয়ে শৰীৰক পানী যোগান ধৰে আৰু লঘু কৰি ৰাখে। ই আৰ্দ্ৰতা, আৰ্দ্ৰতাৰ ফলত হোৱা ভাগৰ আৰু দুৰ্বলতা হ্ৰাস কৰি শৰীৰটোক সতেজ কৰি ৰাখে।এইবিধ ফলত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।কৰ্দৈত থকা পটাছিয়াম আৰু ছ’ডিয়ামে ৰক্তচাপ সুষম কৰি ৰাখে আৰু হৃদৰোগৰ সম্ভাৱনা কমায়।ইয়াত থকা ফ্লেভন’ইড আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কেন্সাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *