নিৰাপত্তাৰ কোনো ব্যৱস্থা নথকা এন্ধাৰ কয়লা খনিৰ বুকুত পুনৰবাৰ ঘটিল এক মৰ্মান্তিক ৰক্তক্ষয়ী ঘটনা। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো গাঁৱত শিল ভাঙিবলৈ ব্যৱহাৰ কৰা ডাইনামাইটৰ প্ৰচণ্ড শব্দই কঁপাই যোৱা এক বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। যোৱা ২৩ ডিচেম্বৰতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল যদিও দীৰ্ঘদিন ধৰি সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ চেষ্টা কৰা হৈছিল।
প্ৰাপ্ত খবৰ অনুসৰি, বিস্ফোৰণৰ দিনাই এজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। মৃত ব্যক্তিজন এজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে। আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অশোক তামাং নামৰ এজন শ্ৰমিকে ১ জানুৱাৰীত শ্বিলং চিভিল হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে চৰকাৰী সম্পত্তি হিচাপে পৰিচিত এই খনি অঞ্চলটোত কেবাজনো মালিকৰ ছত্ৰছায়াত অবৈধভাৱে খনন কাৰ্য চলাই থকা হৈছে।
উক্ত খনিসমূহত প্ৰায়ে চুবুৰীয়া দেশৰ শ্ৰমিকক নিয়োজিত কৰা হয় বুলি জানিব পৰা গৈছে। এনে কৰাৰ আঁৰত থকা মূল উদ্দেশ্যটো হ’ল কিবা অপ্ৰীতিকৰ ঘটনা বা দুৰ্ঘটনা সংঘটিত হ’লে শ্ৰমিকসকলক সহজতে সীমান্তৰ সিপাৰলৈ পঠিয়াই দি আইনী মেৰপাকৰ পৰা হাত সৰা। এই বিস্ফোৰণত আন কেইবাজনো লোক আহত হোৱাৰ আশংকা কৰা হৈছে যদিও তেওঁলোকক ইতিমধ্যে বাংলাদেশী বুলি চিনাক্ত কৰি গোপনীয়ভাৱে ঘূৰাই পঠোৱা হৈছে বুলি সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে সঠিক তথ্য লাভৰ বাবে অনুসন্ধান চলাই আছে।
