মোদীয়ে যুদ্ধ বিচৰা হ’লে পাকিস্তানৰ অস্তিত্বই নোহোৱা হৈ গ’লহেঁতেনঃ ৰামদাস আঠৱালে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি প্ৰকৃততে যুদ্ধ বিচাৰিলেহেঁতেন তেন্তে বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ অস্তিত্বই নাইকিয়া হ’লহেঁতেন। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ। দেওবাৰে এআইএমআইএম প্ৰধান আছাদুদ্দিন ওৱেইছিৰ এক তীব্ৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিস্ফোৰক ভাষ্য প্ৰদান কৰে। ভাৰতীয় সেনাৰ শক্তি আৰু চৰকাৰৰ দৃঢ়তাৰ প্ৰসংগ উত্থাপন কৰি আঠৱালেয়ে পাকিস্তানক কঠোৰ সকীয়ানি দিয়ে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পেহেলগামত ভাৰতীয় লোক নিহত হোৱাৰ পাছত অপাৰেচন সেন্দূৰৰ জৰিয়তে তাৰ উপযুক্ত প্ৰতিশোধ লোৱা হৈছে। এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

আঠৱালেৰ এই প্ৰতিক্ৰিয়া ওৱেইছিৰ সেই মন্তব্যৰ পাছতে আহিছে য’ত ওৱেইছিয়ে আমেৰিকাৰ উদাহৰণ দিছিল। ওৱেইছিয়ে কৈছিল যে যদি ৰাষ্ট্ৰপতি ট্ৰাম্পে ভেনিজুৱেলাৰ পৰা নিকোলাছ মাদুৰোক ধৰি আনিব পাৰে, তেন্তে প্ৰধানমন্ত্ৰী মোদীয়েও ২৬/১১ৰ মাষ্টাৰমাইণ্ডক পাকিস্তানৰ পৰা ধৰি আনিবলৈ অভিযান চলাব লাগে।অৱশ্যে ওৱেইছিৰ এই প্ৰত্যাহ্বানক নুই কৰি আঠৱালেয়ে ভাৰতৰ সামৰিক স্থিতিৰ পক্ষত মত পোষণ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতীয় সেনাই শত্ৰুপক্ষক সঠিক জবাব দিবলৈ সদায় সক্ষম। বৰ্তমান দুই নেতাৰ মাজত চলা এই বাকযুদ্ধই ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *