ভাৰতীয় যুৱতীক আমেৰিকাত হত্যা কৰাৰ সন্দেহত প্ৰেমিক আটক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডত ২৭ বৰ্ষীয়া ভাৰতীয় যুৱতী নিকিতা গডিশালাৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনা চাঞ্চল্য সৃষ্টি কৰিছে। ৩১ ডিচেম্বৰৰ পৰা নিখোজ নিকিতাৰ মৃতদেহ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাৰ কলম্বিয়া ফ্লেটৰ পৰা পোৱা গৈছে, যাৰ দেহত কেইবাটাও কটা আঘাতৰ চিন দেখা গৈছে। অৰ্জুনে ২ জানুৱাৰীৰে নিকিতা নিখোজ বুলি এজাহাৰ দিছিল, কিন্তু তদন্তত পোহৰলৈ আহে যে তেওঁ ৩১ ডিচেম্বৰ সন্ধিয়া নিকিতাক হত্যা কৰিছিল। এজন অভিযুক্ত হিচাপে তেওঁৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় ডিগ্ৰী হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁ ভাৰতলৈ পলায়ন কৰিছে। নিকিতা কলম্বিয়াৰ বেদা হেল্থত ডাটা এণ্ড ষ্ট্ৰেটেজি এনালিষ্ট হিচাপে কৰ্মৰত আছিল। আমেৰিকাৰ ফেডাৰেল আইন কাৰ্যকৰী সংস্থা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছে, আৰু ভাৰতীয় দূতাৱাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখিছে। অভিযুক্তক ধৰা পেলোৱাৰ প্ৰক্ৰিয়া অৰম্ভ হ’ব পাৰে, যাৰ বাবে ভারত আৰু আমেৰিকাৰ মাজত থকা প্ৰত্যৰ্পণ চুক্তি সহায় কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *