১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

মেগা বিহু আৰু ঝুমুই বিন্দিনিৰ পাছত এতিয়া অসম চৰকাৰে এইবাৰ বাগৰুম্বাৰ আয়োজন কৰিছে। সৰুসজাই ষ্টেডিয়ামত বড়ো সমাজে বিশ্ববাসীৰ আগত উপস্থাপন কৰিব বাগৰুম্বা নৃত্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতি পৰ্যালোচনা কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাই কয় যে ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বা নৃত্য অনুষ্ঠান হ’ব।

তেওঁ লগতে কয় যে এই অনুষ্ঠানত ২৩খন জিলাৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। ৪, ৫, আৰু ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *