বিহাৰৰ তীব্ৰ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ উম ল’বলৈ গৈ চৰম মূল্য ভৰিবলগীয়া হ’ল এটি পৰিয়ালে। হাড় কঁপোৱা ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বন্ধ কোঠাৰ ভিতৰত জুই জ্বলাই শুই থকা অৱস্থাতে অক্সিজেনৰ অভাৱ ঘটি নিমিষতে চাৰিজনীয়া এটা পৰিয়াল মৃত্যুৰ মুখত পৰে। চৰণ জিলাৰ ভগৱান বজাৰ অঞ্চলত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে।
আৰক্ষীৰ মতে, পুৱতি নিশা সংঘটিত এই ঘটনাত তিনিটা শিশুৰ লগতে এজন বয়স্ক লোকৰ উশাহ বন্ধ হৈ কৰুণ মৃত্যু ঘটে। একেটা কোঠাতে থকা আন দুজন লোককো অচেতন অৱস্থাত উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে জুইৰ পৰা ওলোৱা কাৰ্বন মনোক্সাইড গেছৰ বাবে কোঠাটোত অক্সিজেনৰ নাটনি হৈছিল আৰু টোপনিৰ অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়।
চৰণ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কুমাৰ আশীষৰ নেতৃত্বত এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে। মৃত লোকসকল উত্তৰ প্ৰদেশ চৰকাৰৰ এজন বিষয়াৰ পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। বৰ্তমান ফৰেনচিক বিশেষজ্ঞৰ সহায় লৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো সকলো দিশৰ পৰা পৰীক্ষা কৰি আছে।
