এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আক্ৰমণত ভাগিল যাত্ৰীৰ নাক! দিল্লী বিমানবন্দৰত ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ আকাশত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলগীয়া এজন পাইলটৰ পৰা যেতিয়া এগৰাকী যাত্ৰী খোদ বিমানবন্দৰৰ ভিতৰতে শাৰীৰিক নিৰ্যাতনৰ বলি হয়, তেতিয়া সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এজন অফ-ডিউটি পাইলটে এজন যাত্ৰীক আক্ৰমণ কৰা ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়া চিটি স্কেন ৰিপৰ্টত ভুক্তভোগী যাত্ৰীজনৰ নাকৰ হাড় স্থানচ্যুত হোৱা বুলি ধৰা পৰাৰ পাছতে এই আক্ৰমণৰ ভয়াবহতা স্পষ্ট হৈ পৰিছে।

ইফালে ভুক্তভোগী যাত্ৰী অংকিত দেৱানে জনোৱা মতে, ১৯ ডিচেম্বৰত টাৰ্মিনেল-১ৰ নিৰাপত্তা বেষ্টনীৰ ওচৰত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। নিৰাপত্তা পৰীক্ষাৰ শাৰী ভংগ কৰাক লৈ কৰা প্ৰতিবাদৰ পৰাই সংঘাতৰ সূত্ৰপাত ঘটে আৰু কেপ্তেইন বীৰেন্দ্ৰ সেজৱালে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে। সাত বছৰীয়া কন্যাৰ সন্মুখতে পিতৃৰ ওপৰত হোৱা এই আক্ৰমণৰ ফলত শিশুটি গভীৰভাৱে মানসিক আঘাতপ্ৰাপ্ত হোৱা বুলি দেৱানে আক্ষেপ প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

তদুপৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিযোগে অভিযুক্ত পাইলটজনক তাৎক্ষণিকভাৱে কাৰ্যভাৰৰ পৰা আঁতৰাই ৰখাৰ কথা ঘোষণা কৰিছে। আৰক্ষীয়ে বিমানবন্দৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি সমগ্ৰ ঘটনাৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা চলাইছে। সমাজত এজন শিক্ষিত আৰু দায়িত্বশীল ব্যক্তি হিচাপে পৰিচিত এজন পাইলটৰ এনে উগ্ৰ আচৰণে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। ভুক্তভোগী দেৱানে এতিয়া নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ লগতে এই অন্যায়ৰ বিৰুদ্ধে উচিত বিচাৰ পাব বুলি আশা ব্যক্ত কৰিছে।

By Sonali

Leave a Reply

Your email address will not be published. Required fields are marked *