ইতিহাস ৰচনা কৰি ইথিঅ’পিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে ইথিঅ’পিয়া চৰকাৰ আৰু দেশখনৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলিক এই সন্মানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মোদীয়ে। উল্লেখযোগ্য যে, ‘গ্ৰেট অনাৰ নিচান অফ ইথিঅ’পিয়া’ (Great Honour Nishan of Ethiopia) নামৰ এই সৰ্বোচ্চ বঁটা লাভ কৰা নৰেন্দ্ৰ মোদীয়েই হৈছে বিশ্বৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপ্ৰধান। প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় সন্মান।
ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে আদ্দিছ আবাবাত উপস্থিত হোৱা মোদীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই সন্মান লাভ কৰাৰ পিছত সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ অন্যতম প্ৰাচীন আৰু সাংস্কৃতিকভাৱে চহকী সভ্যতাৰ দ্বাৰা সন্মানিত হোৱাটো অতি গৌৰৱৰ বিষয়। তেওঁ লগতে কয়, “এই সন্মান কেৱল মোৰ নহয়, বৰঞ্চ সেই অগণন ভাৰতীয়ৰ যিসকলে ভাৰত আৰু ইথিঅ’পিয়াৰ বন্ধুত্ব অধিক শক্তিশালী কৰাত অৱদান আগবঢ়াইছে।”
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাক ভাৰত-ইথিঅ’পিয়া সম্পৰ্কৰ এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে। তেওঁ কয় যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত আৰু ই বিশ্বজুৰি ভাৰতৰ বৰ্ধিত কূটনৈতিক শক্তিৰ পৰিচয় দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাইও প্ৰধানমন্ত্ৰীক অভিনন্দন জনাই কয় যে এই বঁটাই ভাৰতৰ বিশ্বজনীন মৰ্যাদা বৃদ্ধি কৰিছে।
ইফালে, বৰ্তমান ইজৰাইল ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই সন্মানক এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰিছে। তেওঁ কয় যে বিশ্বৰ দক্ষিণ প্ৰান্তৰ দেশসমূহৰ (Global South) প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ অটল দায়বদ্ধতাৰ বাবেই এই স্বীকৃতি লাভ কৰা সম্ভৱ হৈছে। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু ইথিঅ’পিয়াৰ মাজত আগন্তুক দিনত বাণিজ্য আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
