প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ইতিহাসত প্ৰথমবাৰ: সভাপতি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰটি

ভাৰতৰ সংবাদ জগতত এক ঐতিহাসিক অধ্যায়ৰ সূচনা হৈছে। ১৯৬০ চনৰ পৰা কাৰ্যক্ষম হৈ থকা প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সাংবাদিক নেতৃত্বৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ল। সদ্য সমাপ্ত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সাধাৰণ নিৰ্বাচনত জ্যেষ্ঠ সাংবাদিক তথা অসম কন্যা সংগীতা বৰুৱা পিছাৰটি বিপুল সংখ্যাগৰিষ্ঠতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয়।

শনিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়। এই নিৰ্বাচনত সংগীতা বৰুৱা পিছাৰটিৰ নেতৃত্বাধীন পেনেলে সকলো বিষয়া আৰু পৰিচালনা সমিতিৰ পদত ২২-০ ব্যৱধানত একপক্ষীয় বিজয় সাব্যস্ত কৰে। এই ফলাফলক ভাৰতীয় সাংবাদিকতাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচক হিচাপে দেখা হৈছে। নিৰ্বাচনত আফজল ইমাম সাধাৰণ সম্পাদক আৰু যতীন গান্ধী উপ-সভাপতি হিচাপে বিজয়ী হয়। আনহাতে, অদিতি ৰাজপুত (কোষাধ্যক্ষ) আৰু পি আৰ সুনীল (যুটীয়া সম্পাদক) বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। এই বিজয়ে প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ কাৰ্যপ্ৰণালীত নতুন দৃষ্টিভংগী আৰু নাৰী নেতৃত্বৰ শক্তিশালী উপস্থিতিৰ আশা জগাই তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *