আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ দিনটোত জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গৰিমা শইকীয়া গাৰ্গৰ । বিভিন্নজনৰ চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ ।
এই বিশেষ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰসহ পৰিয়াালৰ একাংশ সদস্য নিশাৰ ভাগত জুবিন ক্ষেত্ৰত উপস্থিত হয় । তেওঁলোকে জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক ।অভিযোগনামা সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, “পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল । সেই মতে তদন্তৰ কাৰ্য সম্পাদন হৈছিল । আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ । ৰাইজে আশা কৰা মতে ফল ওলাইছে । এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ।”দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী কৰি তেওঁ কয়, “আমি আশা কৰিছোঁ ন্যায় প্ৰক্ৰিয়াটো সূচাৰুৰূপে পৰিচালিত হ’ব । দোষী সাব্যস্ত হৈছে, তদন্তত ওলাইছে । দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে । সেইটো আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো ভাল হ’ব বুলি ভাবিছোঁ । কোনো সাৰি যাব নালাগে । তদন্তত আস্থা আছে, ন্যায় ব্যৱস্থাত আস্থা আছে ।”

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *