আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব। শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত সলনি কৰা দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ ভিত্তি মূল্য ১ কোটি। অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি। স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এলত খেলিছিল। আই পি এলৰ এক বিবৃতি অনুসৰি খেলুৱৈ নিলামৰ বাবে মুঠ ১৩৯০ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰে। পিছত এই সংখ্যা ১০০৫ লৈ হ্ৰাস পায়। এই খেলুৱৈসকলৰ পৰা ৩৫০ গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হৈছে।

এই ৩৫০গৰাকী খেলুৱৈৰ পৰা বাকী ৭৭টা স্থান পূৰণ কৰিব ১০টা আই পি এল ফ্ৰেঞ্চাইজিয়ে। নিলামত প্ৰথম ছেট খেলুৱৈৰ ভিতৰত আছে ভাৰত আৰু মুম্বাইৰ বেটছমেন পৃথ্বী শ্ব’ আৰু সৰফৰাজ খান। দুয়োজনে নিজৰ ভিত্তি মূল্য ৭৫ লাখ নিৰ্ধাৰণ কৰিছে। ২০১৮ চনৰ পৰা ২০২৪ চনলৈ আই পি এলত খেলা শ্ব’ৱে শেষ নিলামত বিক্ৰী নোহোৱাকৈয়ে ৰৈছিল। ২০২১ চনৰ পৰা এই প্ৰতিযোগিতাত খেলা নাই ছাৰফৰাজে। আই পি এলে জাৰি কৰা তালিকাখনত অষ্ট্ৰেলিয়াৰ দুগৰাকী খেলুৱৈ কেমেৰন গ্ৰীণ আৰু জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ লগতে নিউজিলেণ্ড আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ডেভন কনৱে আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে প্ৰত্যেকৰে ভিত্তি মূল্য ২ কোটি টকা। কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ দ্বাৰা মুকলি হোৱা অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰে তেওঁৰ বেছ প্ৰাইজ ২ কোটি  নিৰ্ধাৰণ কৰিছে। চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়োৱা কুনাল চাণ্ডেলা আৰু অশোক কুমাৰকো চূড়ান্ত নিলামৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

তিনিবাৰৰ চেম্পিয়ন কেকেআৰে সৰ্বাধিক ৬৪.৩ কোটি লৈ নিলামত প্ৰৱেশ কৰিব। ইয়াৰ পিছতে আছে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ, যাৰ হাতত আছে আছে ৪৩.৪ কোটি। একেদৰে আই পি এল চেম্পিয়ন ছানৰাইজাৰ্ছ হায়দৰাবাদে ২৫.৫ কোটি টকাৰে তালিকাৰ তৃতীয় স্থানত আছে। চূড়ান্ত নিলামৰ তালিকাত আছে ইংলেণ্ডৰ ২১গৰাকী খেলুৱৈ। ইয়াৰ ভিতৰত আছে উইকেটকীপাৰ-বেটছমেন জেমী স্মিথ, বেগী বলাৰ গাছ এটকিনছন আৰু লিয়াম লিভিংষ্টন, টেষ্টৰ অ’পেনাৰ বেন ডাকেট। এই নিলামত গ্ৰীনে ডাঙৰ বিড আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। মুঠ ১৯ গৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰীণৰ বাহিৰেও জোছ ইংলিছ, মেথিউ শ্বৰ্ট, কুপাৰ কনলি, বিউ ৱেবষ্টাৰ আদি আছে  ১৫ গৰাকী দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ নিলামৰ তালিকাৰ অংশ। ইয়াৰ ভিতৰত আছে দ্ৰুত বলাৰ এনৰিচ নৰ্টজে, লুংগিংগিডি, জেৰাল্ড কোটজি, আৰু অল ৰাউণ্ডাৰ উইয়ান মাল্ডাৰৰ লগতে ডি কক আৰু মিলাৰ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *