ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী

অধিক ভয়ংকৰ হোৱা দিশে আগবাঢ়িছে পৰিস্থিতি। ইয়াক হয়তো মৃত্যুদূত বুলি ক’লেও ভুল নহ’ব। ইতিমধ্যে ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী । শ্ৰীলংকাত মিনিটৰ পিছত মিনিট বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ বাবে ১৫৩ জন লোকৰ মৃত্যু হৈছে। ১৭৬ জন লোক সন্ধানহীন হোৱা তথ্য। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে শ্ৰীলংকা চৰকাৰে।এই দুৰ্যোগত আপোন ঘৰটো হেৰুৱালে কলম্বোৰ পৰা ২০ কিলোমিটাৰ নিলগৰ মালৱানা অঞ্চলৰ বাসিন্দা মল্লিকা কুমাৰীয়ে। শুকুৰবাৰে অহা ঘূৰ্ণীবতাহৰ ফলত কেলানী নদীৰ পানীয়ে উটুৱাই লৈ যায় তেওঁৰ বাসগৃহ। তিনিটা সন্তানক লৈ নিজৰ জীৱন ৰক্ষাৰ বাবে পথলৈ ৰাওনা হয় তেওঁ। কিন্তু সকলো বাট-পথ পানীৰে উপচি পৰিছিল। কেৱল মল্লিকাই নহয়, তেওঁৰ ওচৰ-চুবুৰীয়াৰ ৫৫৪ জন লোক গৃহহীন হৈছে।শ্ৰীলংকাৰ প্ৰশাসনিক বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিক জনাইছিল যে, তীব্ৰ বতৰ আৰু ঘূৰ্ণীবতাহৰ বাবে ভাঙি তচনচ হৈছে ১৫ হাজাৰৰো অধিক বাসগৃহ। গৃহহীন হৈছে ৭৮ হাজাৰ লোক । সাহায্য শিবিৰত আশ্ৰয় লৈছে বহু লোকে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যুদ্ধকালীন অভিযানত নিয়োগ কৰা হৈছে সেনা-আৰক্ষীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *