দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক

দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে আটক কৰা লোককেইজন হ’ল সাপেখাতীৰ মহেশ্বৰ কেওট,সাপেখাতীৰ ৰহণ পথাৰৰ কনক গগৈ,বৰহাটৰ ৰাহুল মহন আৰু মাহমৰাৰ বলিন বৰুৱা বুলি । আটকাধীন চাৰিওজনকে জিলা আৰক্ষীৰ উচ্চপ্ৰদস্ত বিষয়াই মাৰথান জেৰা চলাই থকা হৈছে।উল্লেখ্য যে, কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰা (স্বাধীন)ৰ শীৰ্ষ নেতা অৰুণোদয় অসম অসমত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ নেতা অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ কথা স্বীকাৰ কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে, আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতাগৰাকীক দিল্লীলৈ নিয়া নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁক তিনিচুকীয়াতে ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *