উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰিছে

আফ্ৰিকান ছোৱাইন ফিভাৰ ফলত অসমত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হৈছে। একে সময়তে সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰিছে। শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ধৰা পৰাৰ পিছতে তিনিচুকীয়া জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে জিলাখনৰ কিছু অংশ সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰিছে।সমগ্ৰ জিলাখনৰ বাসিন্দাসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে গাহৰিৰ মাংস বা গাহৰিৰ মাংস সৈতে জড়িত সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই পৰামৰ্শৰ লক্ষ্য হৈছে জনস্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰা আৰু পশুধনৰ মাজত এ এছ এফৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *