কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতাৰে উকিল সন্থাৰ প্ৰতিবাদী সমদল। সোমবাৰে উকলি সন্হা, গুৱাহাটীৰ উদ্যোগত প্ৰায় দুই শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এই স্থানান্তৰ অবৈধ, একপক্ষীয় স্থানান্তৰ অবৈধ, CJM ক’ৰ্ট ঘূৰাই আনক, এই স্থানান্তৰ জনবিৰোধী, CJM ক’ৰ্ট মেৰামতি কৰক, আমাৰ কথা শুনক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পুৰণি CJM আদালতৰ চৌহদৰ পৰা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি CJM আদালতৰ চৌহদত এই ৰেলীৰ সামৰণি পৰে।
কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা
