বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ

বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ। এইবাৰ অসম চৰকাৰ সাজু হৈছে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে। দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হ’ব উচ্ছেদ অভিযান। অহা ৯ আৰু ১০ নৱেম্বৰত এই বিশাল ভূমিত উচ্ছেদ অভিযান চলাব প্ৰশাসনে।উল্লেখ্য যে যোৱা জুন মাহত গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ হাছিলা বিলত প্ৰায় ১৫০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল। সেইসময়ত অৱশ্যে কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হৈছিল উচ্ছেদস্থলীত। এইবাৰ যাতে উচ্ছেদৰ সময়ত কোনো ধৰণৰ তেনে ঘটনাৰ সৃষ্টি নহয়, তাৰ বাবে সতৰ্ক হৈছে প্ৰশাসন।
বিভাগীয় সূত্ৰৰ মতে, উচ্ছদে অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বেই বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। আৰক্ষী আৰু বনবিভাগৰ সহযোগত শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জনাইছে প্ৰশাসনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *