“জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ”

জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত তেওঁৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল শিক্ষা পৰিষদে। এই জীৱনীখন দেশৰ ১৪টা প্ৰধান আধুনিক ভাৰতীয় ভাষা (MIL)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বুলিও অসম বিদ্যালয় শিক্ষা পৰিষদে সদৰী কৰিছিল।ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে , “জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ সক্ৰিয়ভাৱে বিবেচনাধীন হৈ আছে। পেগুৱে কয়, ‘মই ভাবো যে ব’ৰ্ডখনে এই সিদ্ধান্ত ল’ব।”তেওঁ কয়, “SCERT-এ ইয়াক পৰীক্ষা কৰি আছে কাৰণ ই ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামোৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব। কিবা এটা নিশ্চয় কৰা হ’ব। আমি কৰিম।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *