দক্ষিণ কোৰিয়াত ড’নাল্ড ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক

দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত হোৱা ৩২ সংখ্যক এপেক অৰ্থনৈতিক বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ট্ৰাম্পে দ্বিতীয়বাৰলৈ হোয়াইট হাউছলৈ উভতি অহাৰ পিছত এইটোৱেই আছিল তেওঁলোকৰ প্ৰথম ব্যক্তিগত কথা-বতৰা। আমেৰিকা আৰু চীনৰ পতাকাৰে সজোৱা ৰেড কাৰ্পেটত দুয়োগৰাকী নেতাই ইজনে আনজনক হাত মিলাই সম্ভাষণ জনায় আৰু তাৰ পিছত বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কক কেন্দ্ৰ কৰি আলোচনা আৰম্ভ কৰে। ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ গিয়ংজুত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ এপেক শীৰ্ষ সন্মিলনৰ এদিন পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়।যোৱা কেইমাহমানত তীব্ৰতৰ হৈ পৰা দ্বিপাক্ষিক সম্পৰ্কত ৱাশ্বিংটন আৰু বেইজিঙে উত্তেজনা লাঘৱ কৰিব পাৰিবনে নাই সেই সন্দৰ্ভত বিশ্বব্যাপী মনোযোগ কেন্দ্ৰীভূত হৈছে।

দুয়োখন দেশৰ বিষয়াসকলে কয় যে চলি থকা বাণিজ্যিক উত্তেজনাৰ মাজত এই আলোচনাই সম্পৰ্ক সুস্থিৰ কৰাৰ সুযোগ প্ৰদান কৰিছে। ট্ৰাম্পৰ শুল্ক ব্যৱস্থা আৰু চীনে ৰেয়াৰ মিনিৰীয়েল আৰ্থ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞাই বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাক ইন্ধন যোগাইছে, যাৰ ফলত দুয়োপক্ষই উমৈহতীয়া ভিত্তি বিচাৰিবলৈ বাধ্য হৈছে। বৈঠকৰ পূৰ্বে আমেৰিকাৰ বিষয়াসকলে ইংগিত দিছিল যে চীনৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ আমদানি শুল্ক আৰোপ কৰাৰ পূৰ্বে ট্ৰাম্পে দিয়া সতৰ্কবাণী মানি চলাৰ সম্ভাৱনা নাই। ইফালে বেইজিঙে আপুৰুগীয়া সম্পদ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা লাঘৱ কৰি আমেৰিকাৰ পৰা সৰিয়হ আমদানি পুনৰ আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

এয়াৰ ফৰ্চ ৱানত দক্ষিণ কোৰিয়ালৈ যোৱাৰ সময়ত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে ফেণ্টানিল উৎপাদনত চীনৰ ভূমিকা সম্পৰ্কীয় শুল্ক হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। তেওঁ কয় যে মই আশা কৰিছো যে শুল্ক হ্ৰাস কৰা হ’ব কাৰণ মই বিশ্বাস কৰোঁ যে ইয়াৰ দ্বাৰা ফেণ্টানিল সমস্যাত আমাক সহায় কৰিব। তেওঁ লগতে কয় যে চীনৰ সৈতে আমাৰ সম্পৰ্ক অতি ভাল। আলোচনাৰ পূৰ্বে ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি বৈঠকখনক “চি ২” বুলি উল্লেখ কৰি জি-৭ আৰু জি-২০ৰ দৰে অন্যান্য ব্লকৰ তুলনাত আমেৰিকা আৰু চীনৰ অৰ্থনৈতিক শক্তিৰ ওপৰত আলোকপাত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *