বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ বয়সত জটিল ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে।
উল্লেখ্য যে, ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰা চৈয়দ ছাদুল্লা কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল। তেওঁক মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।
