মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভস্ম

মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল হাৰ্ট’থ্ৰব জুবিন গাৰ্গৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কার্য সম্পন্ন কৰা হয়। ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসর্জন দি উচুপি উঠে পত্নী গৰিমা শইকীয়া গাৰ্গ।

গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসর্জন দিয়া হয়। পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে।

সমান্তৰালকৈ যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত বিসর্জন দিয়া হয় জুবিনৰ চিতাভস্ম। অৰুণ গাৰ্গৰ উপস্থিতিত যোৰহাটত বিসর্জন দিয়া হয় চিতাভস্ম।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *