কাছাৰ আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে । যোৱা কেইবাদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে এই তথ্য় সদৰী কৰিছিল কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ।শেহতীয়া খবৰ অনুসৰি, সোমবাৰে পুনৰ কাছাৰ আৰক্ষীৰ জালত পৰে আন এক ভুৱা চিকিৎসক ৷ আৰক্ষীৰ জালত পৰা ভুৱা চিকিৎসকজনৰ নাম ৰাজুল লস্কৰ ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাছাৰৰ সোনাই নগদিৰগ্ৰামত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজুলক ।উল্লেখ্য যে বৰ্তমানলৈকে কাছাৰত মুঠ ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে ।
ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ
