শেহতীয়াকৈ স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল সোণাক্ষী সিনহা। চাৰ পৰা আৰম্ভ হৈছিল বিতৰ্কৰ। কেমেৰাৰ সন্মুখত পোজ দি থাকোঁতে ঘটিল আচৰিত ঘটনা, যিয়ে বলীউডত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে।কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা। এই খবৰ বিয়পি পৰাৰ লগে লগে সোণাক্ষীয়েও উত্তৰ দিবলৈ সাজু হ’ল। গোটেই ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত কৰিলে আচৰিত পোষ্ট।সোণাক্ষীয়ে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো পোষ্ট কৰি লিখিছে, “মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিন ধৰি গৰ্ভৱতী হোৱাৰ অভিলেখ গঢ়িবলৈ পাইছো। ১৬ মাহ হৈছে…” ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই পোষ্ট।
গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে
