“২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব”

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ’ব । জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ ।”যদি আহি থকা ২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব । বিজেপিৰ পৰিকল্পিত দিশেই ৰাজ্যক আগবঢ়াই লৈ গৈছে ।”-দিলীপ শইকীয়া ।ইয়াৰ পিছতে সাংবাদমাধ্যমৰ আগত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, “বিধানসভাৰ নিৰ্বাচন যিহেতু সমাগত । ২০২৬ চনৰ বিহুৰ আগত, এপ্ৰিল মাহতে নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । ধেমাজি জিলাৰ তিনিওটা সমষ্টিৰ ৬৪৯ টা বুথৰ, বুথ সভাপতিসকল আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ লগত আমি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, কেনেদৰে আমি সাংগঠনিকভাৱে আগবাঢ়িম ইত্যাদি বিষয়ত আমাৰ বিস্তাৰিতভাৱে আলোচনা হৈছে ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *