জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন গাৰ্গৰ মৃত্যুই এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে এজন জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা।জুবিন দাৰ বিৰহত শৰাইঘাটত জাপ দিলে এজনে। আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দুশ মিটাৰৰ পৰিসীমাত দলঙৰ ওপৰৰ পৰা জাপ দিয়ে জুবিন অনুৰাগী গৰাকীয়ে। এই সময়চোৱাত তেওঁ নিজ নিজক কাপোৰ, পইচা আদি ফালি পানীত জাপ দিয়ে।জানিব পৰা মতে, জাপ দিয়াৰ পূৰ্বে যুৱকজনে “জুবিন দাই যেতিয়া নাই আমি থাকি কি কৰিম? জয় জুবিন দা” বুলি কৈ জাপ দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। এই ঘটনাৰ পাছত লগে লগে পাণ্ড নদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।শুৱালকুছিৰ দাঁতিত থকা ৰাক্ষসিনী পাহাৰলৈকে নদীৰ বুকুৱেদি নদী আৰক্ষীয়ে এই অভিযান চলায়। কিন্তু এতিয়ালৈকে যুৱকজনক উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *