এছিয়া কাপৰ ছুপাৰ ৪ত ভাৰত,পাকিস্তান, শ্ৰীলংকা-বাংলাদেশ

এছিয়া কাপত গ্ৰুপ পৰ্যায়ৰ ১১খন খেল সম্পূৰ্ণ হোৱাৰ পিছত ছুপাৰ ৪ পৰ্যায়ৰ বাবে চাৰিটা দলৰ সিদ্ধান্ত লোৱা হৈছে। বৃহস্পতিবাৰে শ্ৰীলংকাই গ্ৰুপ বি-ত আফগানিস্তানক পৰাস্ত কৰি বাহিৰ কৰি দিয়ে। এই ফলাফলে শ্ৰীলংকাৰ লগতে বাংলাদেশক পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাই লৈ যায়। ভাৰত আৰু পাকিস্তানে গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰে।বৃহস্পতিবাৰে আবুধাবিত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি আফগানিস্তানে ১৬৯ ৰান সংগ্ৰহ কৰে।

যোগ্যতা অৰ্জন কৰিবলৈ শ্ৰীলংকাক প্ৰয়োজন হৈছিল ১০১ ৰানৰ। দলটোৱে এই স্ক’ৰ অতিক্ৰম কৰাই নহয় ১৯ অভাৰত মেচখনো জয়ী হয়। গ্ৰুপ বি-ত শ্ৰীলংকাই একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত ৬ পইণ্টেৰে স্থান দখল কৰে। যদিহে শ্ৰীলংকাই ১০১ ৰান সংগ্ৰহ কৰি মেচখনত পৰাস্ত হ’লহেঁতেন তেন্তে আফগানিস্তানে যোগ্যতা অৰ্জন কৰিলেহেঁতেন আৰু উন্নত ৰান ৰেটৰ বাবে বাংলাদেশ বাহিৰ হ’লহেঁতেন।

অৱশ্যে শ্ৰীলংকাই খেলখনত জয়লাভ কৰি নিজৰ লগতে বাংলাদেশক পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ নিশ্চিত কৰে। বুধবাৰে পাকিস্তানে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ ৰাউণ্ডলৈ আগবাঢ়ি যায়।ইয়াৰ দ্বাৰা ২১ ছেপ্টেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী খেলখন নিশ্চিত কৰা হয়। এই ৰাউণ্ডত ভাৰতে ২৪ ছেপ্টেম্বৰত বাংলাদেশ আৰু ২৬ ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ২৮ ছেপ্টেম্বৰত ডুবাইত ছুপাৰ ৪ পইণ্ট টেবুলৰ শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *