এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।যৌন নিৰ্যাতনৰ গোচৰত কাৰাবন্দী হৈ আছিল দুই কয়দী। পুৱতি নিশা কাৰাগাৰৰ পৰা পলায়ন কৰে জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰ নামৰ কয়দী দুটাই। ইয়াৰ পূৰ্বেও কাৰাগাৰৰ পৰা পলায়ন কৰিছিল জিয়াৰুল ইছলামে। পাছত আৰক্ষীয়ে অভিযান চলায় অন্ধ্ৰপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ আনে কয়দীটোক।কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এইদৰে বাৰে বাৰে কয়দীয়ে পলায়ন কৰাৰ সুবিধা পায় বুলি অভিযোগ তুলিছে একাংশই।
এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ দ্বিতীয় ঘটনা
