GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি তেওঁলোক আটাইকে আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা আটাইকেইজনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ আছিল।ৰোগীৰ আত্মীয়ক ধন দাবী কৰাৰ অভিযোগত অভিযুক্ত আটাইকেইজন GMCHৰ ঠিকাভিত্তিক কৰ্মচাৰী।বহু ভুক্তভোগীৰ অভিযোগ আছিল যে, কিছুমান কৰ্মচাৰীয়ে “ট্ৰলী পুলাৰ” বা আন আন সেৱা যেনে চাহ যোগান ধৰাৰ অজুহাতত পৰিয়ালৰ পৰা ৫০০–১০০০ টকা সংগ্ৰহ কৰিছিল।পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি তেওঁলোক আটাইকে আদালতত হাজিৰ কৰোৱা হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *