জালুকবাৰী আৰক্ষী চকীৰ উদ্যোগত লংকেশ্বৰত চাফাই অভিযান

আগন্তক স্বাধীনতা আন্দোলনৰ লগতে ১৯৪২ চনত হোৱা বৃটিছক ভাৰত ত্যাগ কৰিবলৈ দিয়া আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি গুৱাহাটীৰ আন আন আৰক্ষী থানা বা চকীৰ লগতে জালুকবাৰী আৰক্ষী চকীৰ উদ্যোগত আজি লংকেশ্বৰত এক চাফাই অভিযান কাৰ্যসূচীৰ আয়োজন কৰা হয়।

আৰক্ষী চকীৰ উপ পৰিদৰ্শক মণীষা কোঁৱৰৰ নেতৃত্বত  আৰক্ষীৰ হাবিলদাৰ – কনিষ্টবল ক্ৰমে – জাকিৰ হুছেইন, নৱ দাস, পংকজ শৰ্মা, মনোজ শৰ্মাই পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা তৰুণ নগৰলৈ পথৰ দাঁতিত থকা বিষাক্ত পাৰ্থেনিয়ামকে ধৰি আন আন হাবি – জংগলসমুহ চাফ – চিকুন কৰি তোলে।

চাফাই অভিযানত কিশোৰ কলিতা , নৱ বৰা, পংকজ কেওঁট , বিন্দা কেওঁটকে ধৰি অঞ্চলটোৰ কেইজনমান সমাজ – সচেতন যুৱকে আৰক্ষীৰ দলটোক সহযোগিতা আগবঢ়ায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *