কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছিং অফিচাৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা

অল ইণ্ডিয়া ইএছআইচি   নার্চিং অফিচাৰ্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক যোধৰাজ বাইৰৱাই পহিলা আগষ্টত বেলতলাস্থিত কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ কৰ্মচাৰী ৰাজ্যিক বীমা নিগম নাৰ্ছ এছ’চিয়েছনৰ অসম মণ্ডল (AIESICNOF)ৰ সদস্যসকলৰ সৈতে বিভিন্ন বিষয়ত গঠনমূলক বৈঠকত অংশগ্ৰহণ কৰে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ বেলতলাৰ লগতে তিনিচুকীয়াকে ধৰি ৰাজ্যখনৰ বিভিন্ন DCBOৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সাধাৰণ সভা বেলতলাস্থিত কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম নাৰ্ছ এছ’চিয়েছনৰ অসম মণ্ডলৰ সভাপতি মাইনু বৰা, সাধাৰণ সম্পাদক জয়শ্ৰী সিংহৰ নেতৃত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত বিভাগীয় পদোন্নতি সভা (DPC) তৎপৰতাৰে অনুষ্ঠিত কৰা, বাৰ্ষিক সাধাৰণ স্থানান্তৰ (AGT)ৰ অধীনত নাৰ্ছিং অফিছাৰ সকলক বাধ্যতামূলক স্থানান্তৰৰ পৰা অব্যাহতি দিয়া, অসম মণ্ডলৰ ভিতৰত আন্তঃ আঞ্চলিক স্থানান্তৰৰ বিবেচনা, বীমা গ্ৰাহক (IPs) আৰু কৰ্মচাৰীৰ স্বাস্থ্য সেৱাৰ উন্নয়ন, স্থগিত ৰখা MACP কেছসমূহৰ নিষ্পত্তি আৰু যোগ্যতা ভাত্তা (Qualification Pay) সন্দর্ভত স্পষ্টতা প্ৰদান কৰাৰ লগতে AGT 2024-ৰ অধীনত নিজৰ গৃহ ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰিত সহকাৰী নাৰ্ছিং ছুপাৰিণ্টেণ্ডেন্ট (ANS)-সকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ পুনৰ স্থানান্তৰৰ বাবে এটা এককালীন বিকল্প বিচাৰি প্ৰস্তাৱ আগবঢ়োৱা হয়। এই সন্দর্ভত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ দাবীসমূহ সজোৰে উত্থাপন কৰিবলৈ ফেডাৰেচনক আহ্বান জনোৱা হয়।

সভাত অল ইণ্ডিয়া ইএছআইচি (ESIC) নার্চিং অফিচাৰ্ছ ফেডাৰেচন (AIESICNOF)ৰ সাধাৰণ সম্পাদক যোধৰাজ বাইৰৱাই কৰ্মচাৰীসকলক উত্থাপিত সমস্যাসমূহ ইএছআইচিৰ মুখ্য কাৰ্যালয়ত সজোৰে উত্থাপনৰ আশ্বাস দিয়ে ৷ ইএছআইচিৰ মহাবিদ্যালয় পৰিদৰ্শনৰ সময়ত তেওঁ ডীন আৰু চিকিৎসা অধীক্ষকৰ সৈতে পৃথক বৈঠকত মিলিত হৈ স্থানীয় পৰ্যায়ত নাৰ্ছিং অফিচাৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে। ডীন আৰু অধীক্ষকে  সমস্যাসমূহ সমাধানৰ বাবে আৱশ্যকীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে সাধাৰণ সম্পাদক গৰাকীৰ এই পৰিদৰ্শনে দেশজুৰি থকা নাৰ্ছিং অফিচাৰৰ অধিকাৰ আৰু কল্যাণৰ ক্ষেত্ৰত ফেডাৰেচনৰ অঙ্গীকাৰ পুনৰ নিশ্চিত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *