বৰ্তমান ক্ৰিকেট জগতত চৰ্চিত এটি নাম মহম্মদ ছিৰাজ। টেষ্ট ছিৰাজে কৰা উত্তম প্ৰদৰ্শনৰ পাছতে এতিয়া অন্য এক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। ICC ৰেংকিঙত ছিৰাজে ১২ টা স্থান আগলৈ গতি কৰে।মহম্মদ ছিৰাজে পঞ্চম টেষ্ট মেচত প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত তেওঁ আই চি চি(পুৰুষ) টেষ্ট বলিং ৰেংকিঙত ৬৭৪ পইণ্ট লাভ কৰি ১২ স্থান আগলৈ জাঁপ মাৰে। ছিৰাজে ১৫ নম্বৰ স্থানত উপনীত হোৱাৰ বিপৰীতে পূৰ্বে ৮৪ নম্বৰ স্থানত থকা প্ৰসিদ্ধ কৃষ্ণই এতিয়া ৫৯ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয়। শেষৰখন টেষ্ট মেচত কৃষ্ণই ৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। টেষ্ট ক্ৰিকেটত এই দুয়োগৰাকী খেলুৱৈৰ বৰ্তমানলৈকে শ্ৰেষ্ঠ ৰেংকিং।
ক্ৰীড়াপ্ৰেমী সকলৰ বাবে ভাল খবৰ
