ব্যক্তিগত বিদ্যালয়ত অনাথ শিশুক বিনামূলীয়া শিক্ষা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে অনাথ শিশুক শিক্ষাৰ অধিকাৰৰ অধীনত ব্যক্তিগত বিদ্যালয়ত বিনামূলীয়া শিক্ষা দিয়াৰ নিৰ্দেশ দিছে। দৰিদ্ৰ শ্ৰেণী আৰু বঞ্চিত গোটৰ শিশুৰ বাবে ২৫ শতাংশ কোটাত অনাথ শিশুৱে ব্যক্তিগত বিদ্যালয়ত বিনামূলীয়া শিক্ষা লাভৰ অনুমতিৰ বাবে সকলো ৰাজ্যকে অধিসূচনা জাৰি কৰিবলৈ কয়। ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে চাৰি সপ্তাহৰ ভিতৰত সকলো ৰাজ্যক এই অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰবলৈ কয়। শুনানিৰ সময়ত বিচাৰপীঠে কয় যে মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ, গুজৰাট আৰু দিল্লীৰ দৰে ৰাজ্যই ইতিমধ্যে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। সেয়ে বাকী ৰাজ্যসমূহক চাৰি সপ্তাহৰ ভিতৰত একে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে নিৰ্দেশ দিয়ে যে দিল্লী, মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ, গুজৰাটে ইতিমধ্যে শিক্ষাৰ অধিকাৰ অৰ্থাৎ আৰ টি ই আইনৰ ধাৰা ১২ (১) (চি)ৰ অধীনত অনাথ শিশুক অন্তৰ্ভুক্ত কৰিবলৈ অধিসূচনা জাৰি কৰিছে। আন ৰাজ্যসমূহেও একেখন অধিসূচনা জাৰি কৰিব লাগে। এই প্ৰক্ৰিয়াটো ৪ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ পিছত ৰাজ্যসমূহে উচ্চতম ন্যায়ালয়ক অৱগত কৰিব লাগিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *