বাংলাদেশত ভাড়ালৈ লোৱা হৈছে ৰে’ল

ৰে’ল ভাড়াত লৈছে মহম্মদ ইউনুছ চৰকাৰে। প্ৰায় ১৬ খনকৈ ৰে’ল ভাড়াত লৈছে চৰকাৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক ঢাকালৈ অনা হ’ব।বাংলাদেশৰ ৰাজশ্বাহী, ৰংপুৰ, ফৰিদপুৰ, আৰু চিলেটৰ পৰা ঢাকালৈ ইয়াৰ জৰিয়তে মানুহ অনা হ’ব। ইয়াৰ বাবে চৰকাৰী কোষাগাৰে কমেও ৩০ লাখতকৈ অধিক টকা খৰচ কৰিব। কিন্তু প্ৰশ্ন হয়, হঠাৎ কিয় ৰে’ল ভাড়া কৰিলে চৰকাৰে?যোৱা বছৰৰ জুলাই আন্দোলনক স্মৰণ কৰিবলৈ বাংলাদেশত জুলাই সদনপত্ৰ বা ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছে। কাইলৈ ৫ আগষ্টত মাণিক মিয়া এভিনিউত ঢাকাৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সন্মুখত জুলাই ঘোষণাপত্ৰ পাঠ কৰা হ’ব। এতিয়া তাৰ বাবে প্ৰস্তুতি চলাই আছে অন্তৱৰ্তীকালীন চৰকাৰে। এনে পৰিস্থিতিত অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক এই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰাবলৈ ১৬ খনকৈ ৰে’ল ভাড়া কৰিছে।জানিব পৰা মতে এই ৰে’লখন ভাড়াত লোৱাৰ খৰচ হ’ব প্ৰায় ৩০ লাখ ৪৬ হাজাৰ টকা। এই ধন মুক্তি যুদ্ধ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *