ভাৰতৰ বাবে সুখবৰ

চলিত শৃংখলাটোত ২২৪ ৰানৰ এই স্ক’ৰ ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ যদিও এই ইনিংছৰ সময়তে ভাৰতীয় দলে টেষ্ট ইতিহাসত এক বিৰল কৃতিত্ব অৰ্জন কৰিছে। এই কৃতিত্বৰে ভাৰতীয় দলে ক্ৰিকেট জগতৰ দুই শক্তি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ সৈতে এক অভিজাত তালিকাত যোগ দিছে।পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল। এই শৃংখলাৰ পঞ্চম তথা অন্তিম মেচখন যোৱা ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত হৈছে। দ্বিতীয় দিনাৰ অন্তলৈ এই মেচখন যথেষ্ট ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। এই শৃংখলাত ভাৰতীয় দল ১–২ ব্যৱধানত পিছ পৰি আছে। এনে পৰিস্থিতিত শৃংখলাত সমতা স্থাপন কৰিবলৈ এই মেচখনত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব। পিছে অভেল টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় দলে সকলো উইকেট হেৰুৱাই ২২৪ ৰানতে ইনিংছ সামৰে। গতিকে অভেলত জয়ৰ বাবে ভাৰতীয় দলে এতিয়া যথেষ্ট পৰিশ্ৰম কৰিব লাগিব।উল্লেখ্য যে এতিয়ালৈকে সংগৃহীত মুঠ ৰানৰ ভিতৰত ১০১৪ ৰান ভাৰতীয় দলে এডবাষ্টন টেষ্টত সংগ্ৰহ কৰিছিল। ২ জুলাইৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হোৱা এডজবাষ্টন টেষ্টত অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছৰ দ্বিশতক আৰু দ্বিতীয় ইনিংছৰ শতকীয় ইনিংছৰ সহায়েৰে সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *