৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

ইৰাণৰ সৈতে পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰীৰ ব্যৱসায়ৰ বাবে ৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ভাৰতৰ এই ৬টা কোম্পানীয়ে শেহতীয়াকৈ আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা বিশ্বৰ ২০টা কোম্পানীৰ ভিতৰত অন্যতম। ইৰাণৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰয়াসত আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতৰ ছটা কোম্পানীকে ধৰি বিশ্বৰ ২০টা কোম্পানীয়ে ইচ্ছাকৃতভাৱে আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰিছে। নিষিদ্ধ কৰা ভাৰতীয় কোম্পানীসমূহৰ ভিতৰত আছে গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড, ৰমনিক লাল এছ গোছালিয়া এণ্ড কো, পাৰ্চিষ্টেণ্ট পেট্ৰ’কেম প্ৰাইভেট লিমিটেড, এলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেড, জুপিটাৰ ডাইচেম প্ৰাইভেট লিমিটেড আৰু কাঞ্চন পলিমাৰছ। উল্লেখযোগ্য যে ইতিমধ্যে আমেৰিকাই ইৰাণৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছে, য’ত পেট্ৰলিয়াম খণ্ডৰ বাণিজ্যও অন্তৰ্ভুক্ত। আমেৰিকাৰ অভিযোগ যে নিষিদ্ধ ভাৰতীয় কোম্পানীসমূহে জানিছিল যে ইৰাণৰ পৰা পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰি আমেৰিকাই ইৰাণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উলংঘা কৰিছে। এই কোম্পানীসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত আমেৰিকা বা আমেৰিকাৰ নিয়ন্ত্ৰিত ভূখণ্ডত তেওঁলোকৰ সম্পত্তি বাজায়প্ত কৰা হ’ব।

ইয়াৰ লগতে যদি এই কোম্পানীসমূহৰ কোনো অংশীদাৰিত্ব কোম্পানীয়ে আমেৰিকা বা আমেৰিকাৰ নিয়ন্ত্ৰণত থকা অঞ্চলত কাম কৰি আছে, তেন্তে সেই কোম্পানীসমূহো নিষেধাজ্ঞাৰ আওতালৈ আহিব। কিন্তু এই নিষেধাজ্ঞাসমূহ তেতিয়াহে প্ৰযোজ্য হ’ব যেতিয়া অংশীদাৰিত্ব প্ৰতিষ্ঠানটোত নিষিদ্ধ ভাৰতীয় কোম্পানীটোৰ অংশীদাৰিত্ব ৫০ শতাংশ বা তাতকৈ অধিক হ’ব। অভিযোগ অনুসৰি গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেডে ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ইৰাণৰ পৰা ৫১ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ মিথানল আৰু অন্যান্য পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰিছিল।একেদৰে এলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেডে ২০২৪ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে ইৰাণৰ পৰা ৮৪০ লাখ টকাতকৈ অধিক মূল্যৰ পেট্ৰ’ল ৰাসায়নিক সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে।নইয়াৰ উপৰিও ৰমনিক লাল এছ গোছালিয়া এণ্ড কোম্পানীয়ে ইৰাণৰ পৰা ২২০ লাখৰো অধিক মূল্যৰ মিথানল আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। একে সময়তে পাৰ্চিষ্টেণ্ট পেট্ৰ’কেম প্ৰাইভেট লিমিটেডে ২০২৪ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ১৪ মিলিয়ন ডলাৰৰ মিথানল ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে।একেদৰে জুপিটাৰ ডাইকিন প্ৰাইভেট লিমিটেডে ইৰাণৰ পৰা ৪৯ মিলিয়ন ডলাৰৰ অধিক মূল্যৰ সামগ্ৰী আমদানি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে কাঞ্চন পলিমাৰ্ছে ইৰাণৰ পৰা ১৩ লাখ ডলাৰৰ অধিক মূল্যৰ পলিথিন ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ অভিযোগ যে ইৰাণে বিশ্বত অস্থিৰতা সৃষ্টি কৰা কাৰ্য্যকলাপৰ বাবে ধন সংগ্ৰহত নিয়োজিত হৈ আছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়েও কয় যে ইৰাণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মধ্যপ্ৰাচ্যৰ সংঘাতক উৎসাহিত কৰি বিশ্বৰ অস্থিৰতা বৃদ্ধি কৰিছে। সেইবাবেই আমেৰিকাই ইৰাণৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে ইৰাণে বিশ্বজুৰি সন্ত্ৰাসবাদ আৰু অস্থিৰতাক প্ৰসাৰিত কৰিবলৈ ধন সংগ্ৰহ কৰিব নোৱাৰে। কিন্তু আমেৰিকাই এইটোও স্পষ্ট কৰি দিছে যে ৬টা ভাৰতীয় কোম্পানীকে ধৰি সমগ্ৰ বিশ্বৰ ২০টা কোম্পানীক নিষেধাজ্ঞা আৰোপ কৰাৰ উদ্দেশ্য তেওঁলোকক শাস্তি দিয়া নহয়, বৰঞ্চ ব্যৱসায়িক আচৰণত ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰেৰণা দিয়াহে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ ৰাজনৈতিক উপদেষ্টা আলী ছামখানীৰ পুত্ৰ মহম্মদ হুছেইন ছামখানীৰ সৈতে জড়িত ৫০ জন লোক আৰু কোম্পানীৰ ওপৰতো আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ উপৰিও সংযুক্ত আৰব আমিৰশ্বাহীত বসবাস কৰা ভাৰতীয় মূলৰ পংকজ নাগজী ভাই পেটেলৰ ওপৰতো নিষেধাজ্ঞা ঘোষণা কৰা হৈছে। অভিযোগ অনুসৰি পংকজ নাগজী ভাই পেটেলৰ সৈতে মহম্মদ হুছেইন শমখানীৰ টিঅ’ডৰ শ্বিপিং কোম্পানীৰ সম্পৰ্ক আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *