পুনৰ ভ্ৰমণনলৈ যাব মোদী

২৩ জুলাইৰ পৰা ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়। মালদ্বীপত তেওঁ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।২৩- ২৪ জুলাইত ব্ৰিটেইন লগতে ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। জানিব পৰা মতে, মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীক। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শ্ৰী মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিটো তথ্য প্ৰদান কৰিছে। ব্ৰিটেইন আৰু ভাৰতৰ বাণিজ্যিক সম্পৰ্ক কিদৰে মজবুত কৰা হ’ব সেই সন্দৰ্ভত বহু তথ্য প্ৰকাশ কৰিছে বৈদেশিক সচিব গৰাকীয়ে।ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ সন্দৰ্ভত বিক্ৰম মিশ্ৰীয়ে কয় যে, ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্ৰমণ কৰিব শ্ৰী মোদীয়ে। দৰাচলতে মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *