ভাৰতবাসীৰ বাবে সুখবৰ

হেনলি পাছপ’ৰ্ট সূচকাংকত প্ৰতি বছৰে এই ৰেংকিং প্ৰকাশ কৰা হয়, য’ত দেখা যায় যে কোনখন দেশে পাছপ’ৰ্ট লৈ ভিছা অবিহনে কিমান দেশ ভ্ৰমণ কৰিব পাৰিব।২০২৫ চনৰ হেনলী পাছপ’ৰ্ট সূচকাংকত ভাৰতে ৭৭ নম্বৰ স্থান দখল কৰিছে। এই ৰেংকিঙৰ উন্নতিৰ অৰ্থ হ’ল এতিয়া ভাৰতীয় নাগৰিকে ভিছা অবিহনে ৫৯খন দেশলৈ যাব পাৰিব।ভাৰতীয় নাগৰিকে ভিছা অবিহনে যাত্ৰা কৰিব পৰা ৫৯খন দেশৰ ভিতৰত আফ্ৰিকা, এছিয়া আৰু কেৰিবিয়ানৰ বহু দেশ আছে। ইয়াৰ ভিতৰত বিশিষ্ট নামসমূহ হ’ল ভূটান, নেপাল, ইণ্ডোনেছিয়া, থাইলেণ্ড, শ্ৰীলংকা, মালদ্বীপ, কম্বোডিয়া, ছিচেলছ, কেনিয়া, ৰুৱাণ্ডা, তাঞ্জানিয়া, বাৰ্বাডোছ, ফিজি, জামাইকা, গ্ৰেনাডা, ডমিনিকা, হাইটি, ভানুআটু, মণ্টচেৰাট, আৰু টুভালু আদি স্থানত ভাৰতীয় ভ্ৰমণকাৰীয়ে আহি পোৱাৰ লগে লগে ভিছা লাভ কৰে বা এই দেশসমূহত সম্পূৰ্ণ ভিছা ৰেহাইৰ সুবিধা লাভ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *