১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে দেশৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰৰ।এগৰাকী যুৱতীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত এতিয়া বিপদত পৰিছে এগৰাকী উদীয়মান ক্ৰিকেটাৰ। যুৱ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন শোষণৰ গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে উত্থাপন কৰা অভিযোগৰ পিছত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৯ ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে।এই ক্ৰিকেটাৰগৰাকী আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় যুৱ পেচাৰ যশ দয়াল।
আই পি এলত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ পিছত য়শ দয়ালে ভাৰতীয় দললৈও আমন্ত্ৰণ লাভ কৰিছিল। অৱশ্যে জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ নকৰিলেও দয়ালে আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল।শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰথমটো আই পি এল খিতাপ জয়তো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এনে প্ৰদৰ্শনৰ পিছত দয়ালৰ কেৰিয়াৰত দেখা দিছিল কিছু আশাই। কিন্তু এতিয়া উত্থাপিত যৌন আতিশয্যৰ অভিযোগে বিপদত পেলাই দয়ালক।
আৰক্ষী সূত্ৰই জনোৱা মতে, এগৰাকী যুৱতীয়ে যশ দয়ালৰ বিৰুদ্ধে বিবাহৰ প্ৰলোভনেৰে আৰ্থিক, মানসিক আৰু শাৰীৰিকভাৱে শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।যদি অপৰাধ প্ৰমাণ হয়, এই জামিনহীন ধাৰাৰ অধীনত খেলুৱৈগৰাকীৰ ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।ভুক্তভোগী যুৱতীগৰাকী গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
