সন্ধিয়া ৬ বজাৰ পাছত প্ৰৱেশত আৰক্ষীৰ বাধাক লৈ অসন্তুষ্ট ভক্ত

কামাখ্যা মন্দিৰত ২২ জুনৰ পৰা চলি থকা  অম্বুবাচী মহাযোগৰ ২৬ জুনৰ দিনা পুৱা নিবৃত্তিৰ পাছতে সামৰণি পৰিব ।  কামাখ্যা ৰেলৱে ষ্টেচন , পাণ্ডু, আদাবাৰীৰ পৰা শান্তিপুৰলৈকে বৃহত্তৰ অঞ্চলটোৰ মঠ মন্দিৰ, নীলাচল উৰণীয়া সেঁতুকে ধৰি পথৰ দাঁতি , পদপথ, পথ বিভাজক সকলোতে আশ্ৰয় লৈছে কেবা লক্ষাধিক ভক্ত । ইফালে ভূমিস্খলনকে ধৰি বিভিন্ন কাৰণৰ বাবে প্ৰথমবাৰৰ বাবে আৰক্ষী – জিলা প্ৰশাসনে সন্ধিয়া ৬ বজাৰ পাছত মন্দিৰ সংযোগী পথ সমূহত ভক্তৰ প্ৰৱেশ তথা আহ – যাহত বাধা আৰোপ কৰাৰ ফলত ঠাইবিশেষে একাংশ ভক্ত আৰু কৰ্তব্যৰত আৰক্ষীৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

কালি সন্ধিয়াৰ ভাগত পাণ্ডুৰ কামাখ্যা কলনিৰ নৰকাসুৰ পথত সংঘটিত হয় তেনে এটা  অনাকাংক্ষিত ঘটনা। সন্ধিয়া ৬ বজাৰ লগে লগেই  আৰক্ষী প্ৰশাসনে পথটো বন্ধ কৰি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আনকি একাংশ ভক্তই কৰ্তব্যৰত আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাত আৰক্ষীয়ে লাঠীচাৰ্জ পৰ্যন্ত কৰিবলৈ ওলাইছিল যদিও  ঘটনাস্থলীত উপস্থিত থকা উচ্চপদস্থ আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে বিশ্ববিখ্যাত অম্বুবাচী মহাযোগত নিৰাপত্তা ব্যৱস্থাৰ কতো যাতে অলপো সুৰুঙা নাথাকে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই ২১ জুনৰ পৰাই নীলাচল পাহাৰত বাহৰ পাতি এদল আৰক্ষী লৈ মন্দিৰ সংযোগী প্ৰতিটো পথত নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰা পৰিলক্ষিত হৈছে। আনকি পদব্ৰজে মন্দিৰ চৌহদত ঘুৰি ভক্তৰ সৈতেও মত – বিনিময় কৰা পৰিলক্ষিত হৈছে আৰক্ষী আয়ুক্ত গৰাকীক।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *