সদৌ অসম যুৱ সংঘৰ জালুকবাৰী সমজিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পাঁচ জুনত বৃহত্তৰ আজাৰা অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানৰ চৌহদ আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়। পুৱা এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম যুৱ সংঘৰ কেন্দ্ৰীয় সভাপতি বিজয় দাসে।
আনহাতে কাৰ্যসূচীত সংঘৰ উপদেষ্টা তিলক নাথ আৰু ব্ৰজেন দাস। জালুকবাৰী সমজিলা সমিতিৰ সভাপতি যুগল কলিতা, বিজিত ভৰদ্বাজকে ধৰি কেবাজনো সদস্য সদস্যা উপস্থিত থাকে। সকল, ইয়াৰ উপৰিও বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদতো সমিতিৰ উদ্যোগত আৰু বিমানবন্দৰ টেক্সী চালক সন্থাৰ সহযোগত গছপুলি ৰোপণ কৰা হয়।
ইয়াৰ উপৰিও কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজাৰা অঞ্চলত ৰাইজৰ মাজত পৰিবেশ সংৰক্ষণ সজাগতা সৃষ্টিৰ বাবে এক সমদল উলিওৱা হয়। তেনেদৰে আজাৰা ৰাজহুৱা সভাঘৰকে ধৰি কেবাটাও স্থানত ৰাইজৰ মাজত নিজ ঘৰৰ চৌহদত ৰোপণ কৰাৰ বাবে গছপুলি বিতৰণ কৰা হয়।