বিশ্ব পৰিৱেশ দিৱসত ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ শৈক্ষিক তথা পাৰিৱেশিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উক্ত চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পৰিৱেশৰ লগত জড়িত আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ গৱেষণামূলক আৰু সজাগতামূলক প্ৰচাৰ তথা বিভিন্ন পৰিৱেশ হিতৈষী কাৰ্যসূচী হাতত ল’ব।
উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মুখ্য বক্তা ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ গোস্বামী, মুখ্য অতিথি হিচাপে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, সন্মানীয় অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ অধ্যক্ষ ড⁰ অৰূপ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সদস্য সম্পাদক গকুল ভূঞা উপস্থিত থাকে।
মুখ্য বক্তা দুলাল চন্দ্ৰ গোস্বামীয়ে তেওঁৰ ভাষণত পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সজাগতামূলক বিভিন্নধৰণৰ পদক্ষেপক আমি আমাৰ দৈনন্দিন জীৱনত মানি চলিবলৈ চেষ্টা কৰিব লাগে যাৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মই নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব । আনগৰাকী সন্মানীয় অতিথি ড⁰ অৰূপ কুমাৰ মিশ্ৰই বুজাবুজিৰ চুক্তিৰ জৰিয়তে হব’লগীয়া বিভিন্ন বিষয় সম্পৰ্কে ভাষণ প্ৰদান কৰে ।