হালধী অসমীয়া সংস্কৃতি আৰু খাদ্যৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ বৈজ্ঞানিক নাম Curcuma longa। সাধাৰণতে শুকান গুড়ি ৰূপে ব্যৱহাৰ কৰা হালধীৰ তুলনাত কেঁচা হালধীৰ গুণাগুণ বেলেগ। কেঁচা হালধীৰ ৰস, গোন্ধ, আৰু প্ৰাকৃতিক গুণে স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমত ইয়াক ঐতিহ্যবাহী ভেষজ চিকিৎসা আৰু ৰন্ধনত ব্যৱহাৰ কৰা হয়।আপুনি জানেনে ঘৰতে থকা কেঁচা হালধিৰ আছে বহু ঔষধি গুণ? বহু গুণ বিশিষ্ট কেঁচা হালধিৰ ৰসে বিভিন্ন ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে। বিশেষকৈ বৰ্তমান সময়ত মাৰাত্মক কৰ্কট ৰোগৰ দৰে ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে ঘৰতে থকা এই কেঁচা হালধিয়ে।ঘৰুৱা দ্ৰব্য হিচাবে হালধিৰ ব্যৱহাৰ সম্পৰ্কে আমি সকলোৱে জানো। ইয়াৰ ঔষধি আৰু সৌন্দৰ্য বৰ্দ্ধক গুণ সম্পৰ্কে আধুনিক বিজ্ঞানে গৱেষণাৰ জৰিয়তে বহু কথাই উদ্ভাৱন কৰিছে। ৰন্ধন-প্ৰকৰণত হালধিৰ ব্যৱহাৰ অবিহনে খাদ্যবস্তু ৰঙহীন আৰু বিস্বাদযুক্ত যেন হয়। হালধি ইমান লোক প্ৰিয় যে ধনী-দুখীয়া সকলোৱে ইয়াক সমান ভাৱে প্ৰয়োগ কৰে। ইয়াৰ ব্যৱহাৰৰ ফলত আহাৰ দেখিবলৈ সুন্দৰ হয় আৰু ভোজনৰ প্ৰতি আগ্ৰহ বাঢ়ে। হালধি মছলা জাতীয় দ্ৰব্য ৰুপে ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰ্মীয় তথা পৰম্পৰাগত উৎসৱ-অনুষ্ঠান আৰু চিকিৎসা কৰ্মতো বহুযুগ ধৰি ব্যৱহৃত হৈ আহিছে।হালধি সোৱাদত কঢ়া, উৎকট, কেঁহা আৰু স্বভাৱত উষ্ণ। শৰীৰৰ ভিতৰৰ বিষ-যন্ত্ৰণা তথা সংক্ৰমণ দূৰ কৰাত ইয়াৰ বিশেষ গুণ আছে ই অৰুচি ৰোধক, শোথ, পাণ্ডু, কৃমি আৰু অজীৰ্ণনাশক। যকৃতৰ দোষ আৰু চৰ্ম ৰোগতো লাভ জনক।
আৰ্যুবেদত হালধিৰ গুণ বৰ্ণাই কোৱা হৈছে যে, ই ৰক্তশোধক, কফনাশক, কৃমিনাশক, পিত্তনাশক, বিষনাশক, বায়ুনাশক, ৰক্তদোষহৰণ কৰোতা আৰু পাচন প্ৰদীপ্ত কৰোতা এক উৎকৃষ্ট দ্ৰব্য।
কাঞ্চনৰ দৰে দেহ পোৱা বাবে ইয়াৰ নাম কাঞ্চনী। নামৰ দৰে গুণতো ই সোণৰ দৰে। শৰীৰক সোণৰ দৰে মূল্যবান কৰি তোলে। ইয়াৰ গুজৰাটী আৰু পাঞ্জাবী নাম ‘হলধৰ’ শব্দই এই সংকেত দিয়ে যে, হাল চলোৱা আৰু হাল ধাৰণ কৰা সকলক ই৮ বজ্ৰৰ দৰে সুদৃঢ়, সুডৌল, সুঠাম ৰুপে গঢ়ি তোলে।
সোৱাদ আৰু সোগন্ধিৰ উপৰিও হালধিয়ে অপাৰ শক্তি প্ৰদান কৰে। নপুংসকতা, ৰুচি, আলস্য, বৃদ্ধত্ব দূৰতে বিদূৰ কৰে। হালধিৰ বিশেষত্ব এয়ে যে ই তেজ পৰিষ্কাৰ কৰি শৰীৰৰ বিষ বাহিৰলৈ উলিয়াই দিয়ে। পাচকগুণ সম্পন্ন হোৱা বাবে খাদ্য বস্তু সহজে হজম কৰায়, শীঘ্ৰে ৰক্ত উৎপন্ন কৰে।য়ুনানী চিকিৎসাত হালধি কঢ়া, শান্তি দায়ক, ঘা পকাই দিয়া, যকৃতৰ বিকৃতি নাশ কৰা আৰু জণ্ডিচ ৰোগত লাভপ্ৰদ বুলি কোৱা হৈছে। বয়োবৃদ্ধ সকলে সকলো ধৰণৰ আঘাতত ইয়াক ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু গভীৰ আঘাত প্ৰাপ্ত হ’লে গাখীৰৰ সৈতে হালধিৰ ৰস পৰ্যাপ্ত মাত্ৰাত গৰম কৰি খালে বিষ আৰু উখহাৰ ভয় আতঁৰ হয়।পাচনত সহায়: পিত্তৰসৰ উৎপাদন বৃদ্ধি কৰি খাদ্যৰ পাচনত সহায় কৰে। ৰাতি ভাতৰ লগত কেঁচা হালধীৰ টুকুৰা খোৱাৰ পৰম্পৰা অসমত প্ৰচলিত।
চৰ্মৰ সুৰক্ষা: প্ৰতিপ্ৰভাৱক গুণে চৰ্মৰ ক্ষয় ৰোধ কৰে। কেঁচা হালধীৰ গুৰিয়ে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে ইমিউনিটি শক্তিশালী কৰে।