ভাৰত -ম্যানমাৰ সীমান্তত উত্তেজনা

অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাউ চক্ৰত অচিনাকি কেডাৰৰ চলাচলৰ তথ্য লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে । এই তথ্য লাভ কৰাৰ পিছতে সীমান্ত অঞ্চলত বৃহস্পতিবাৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰে ।শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তত দেখা গৈছিল তীব্ৰ উত্তেজনা । দুয়োপক্ষৰ পৰা হৈছিল আক্রমণ ৷ ভাৰত-পাক সীমান্তত উত্তেজনা শাম কাটিছে যদিও ভাৰতৰ আন এক সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা । ভাৰতে ইয়াৰ উপযুক্ত প্ৰত্য়ুত্তৰ দিবলৈ অভিযান আৰম্ভ কৰিছে ।অঞ্চলটোত অচিনাকি লোকৰ কাৰ্যকলাপ দেখাৰ পিছত নিৰাপত্তা বাহিনীয়ে তেওঁলোকক প্ৰত্যাহ্বান জনায় । ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতেক লক্ষ্য কৰি প্ৰচণ্ড গুলীচালনা কৰে অচিনাকী কেডাৰে । এই গুলীচালনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়ে ।তদন্তত দেখা গৈছে যে নিহত লোকসকল সীমা অতিক্ৰম কৰি বিদ্ৰোহীৰ কাৰ্যকলাপৰ সৈতে জড়িত বুলি জনা গৈছিল আৰু তেওঁলোকৰ পৰিচয় নিশ্চিত কৰাৰ প্ৰচেষ্টা চলি আছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *