ব্ৰহ্মপুত্ৰৰ কালৰূপ

চেঙা সমষ্টিৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ কালৰূপ৷
চপৰা-চপৰে খহিছে নৈৰ গৰা।
আতংকিত গঞা।

খহনীয়াত জাহ গৈছে নিজৰ আপোন ঘৰ,ভেটি-মাটি নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ৷

চেঙাৰ কাছুমাৰা-পূৱ ম’হচৰা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া অব্যাহত।

যোৱা দুদিন ধৰি ভয়ংকৰ খহনীয়াত কেইবাখন পৰিয়ালৰ ভেটি-মাটি ব্ৰহ্মপুত্ৰত জাহ গৈছে।

খহনীয়াগ্ৰস্ত লোকে বিভিন্ন ঠাইত অস্থায়ীভাৱে ঘৰ সাঁজি বসবাস কৰি আছে৷

শংকিত জনতাই সপোনৰ ঘৰ ভাঙি নতুন ঠাইলৈ যোৱাৰ প্ৰস্তুতি চলাইছে ৷ অশেষ কষ্টৰে গঢ়ি তোলা ঘৰখন ভাঙি নিজৰ আপোন ঠাইখন এৰি বহু দুৰলৈ যাত্ৰা কৰিছে ৷

ইপিনে ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত হৈ বহু পৰিয়াল পেটৰ তাড়নাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিন-হাজিৰা কৰিবলৈ বাধ্য হৈছে৷

কাছুমাৰা অঞ্চলত লুইতৰ খহনীয়াই বহু পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে৷ খহনীয়াই অঞ্চলটোৰ কৃষি ভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে অলপ দূৰত থকা কাছুমাৰা বজাৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷

ইপিনে,কাছুমাৰা-পূৱ ম’হচৰা অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ খবৰ ল’বলৈ আহৰি নাই কোনো এজন জনপ্ৰতিনিধিৰ।।

অতিশীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বৰলুইতৰ বুকুত চিৰদিনৰ বাবে বিলীন হোৱাৰ পথত চেঙা সমষ্টিৰ প্ৰান কেন্দ্ৰ ঐতিহাসিক কাছুমাৰা-আণ্ডাভাংগা বজাৰ ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ওচৰত দাবী জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *