২০২৬ৰ ১ অক্টোবৰৰ পৰা দেশত জাতিগত লোকপিয়ল

জাতিগত লোকপিয়ল দিন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতত জাতিগত লোকপিয়ল দুটা পৰ্যায়ত কৰা হ’ব। ইয়াৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাতিগত লোকপিয়ল কৰা হ’ব। এই ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লাডাখ আৰু জম্মু-কাশ্মীৰ অন্যতম। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল কৰা হ’ব। এইবাৰ লোকপিয়লৰ লগতে জাতিগত গণনা কৰা হ’ব। যোৱা মাহত মোদী চৰকাৰে জাতিগত লোকপিয়লত অনুমোদন জনাইছিল। ১৯৩১ চনৰ পৰা ভাৰতত জাতিভিত্তিক লোকপিয়ল হোৱা নাই। দেশত প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়। যোৱা লোকপিয়ল ২০১১ চনত হৈছিল।নিয়ম অনুসৰি ২০২১ চনত লোকপিয়ল কৰিব লাগিছিল যদিও ক’ভিডৰ বাবে সেইটো কৰিব নোৱাৰিলে চৰকাৰে।  জাতি লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এইবাৰ জাতি লোকপিয়লতো ডিজিটেল পদ্ধতি গ্ৰহণ কৰা হ’ব।

ডিজিটেল ব্যৱহাৰৰ দ্বাৰা সময়ৰ ৰাহি হ’ব আৰু সঠিকতাও অধিক হ’ব। প্ৰায় ৩ বছৰৰ ভিতৰত জাতি লোকপিয়লৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। বাইদেউ, এই প্ৰক্ৰিয়াটোত আগতে প্ৰায় ৫ বছৰ সময় লাগিছিল। ভাৰতৰ লোকপিয়ল ১৯৪৮ চনৰ লোকপিয়ল আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ৰ বিধান অনুসৰি অনুষ্ঠিত হয়।২০১১ চনত ভাৰতৰ শেষৰটো লোকপিয়ল দুটা পৰ্যায়ত কৰা হৈছিল।জাতি লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এইবাৰ জাতিগত লোকপিয়লতো ডিজিটেল পদ্ধতি গ্ৰহণ কৰা হ’ব। ডিজিটেল ব্যৱহাৰৰ দ্বাৰা সময়ৰ ৰাহি হ’ব আৰু সঠিকতাও অধিক হ’ব বুলি প্ৰকাশ কৰা হৈছে। প্ৰায় ৩ বছৰৰ ভিতৰত জাতিগত লোকপিয়লৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। এই প্ৰক্ৰিয়াটোত আগতে প্ৰায় ৫ বছৰ সময় লাগিছিল।

ভাৰতৰ লোকপিয়ল আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ৰ বিধান অনুসৰি অনুষ্ঠিত হয়।২০১১ চনত ভাৰতৰ শেষৰটো লোকপিয়ল দুটা পৰ্যায়ত কৰা হৈছিল। উল্লেখ্য যে দীৰ্ঘদিন ধৰি দেশত জাতিগত লোকপিয়লৰ দাবী উত্থাপন কৰি থকা হৈছিল। বিশেষকৈ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গন্ধীয়ে জাতিগত লোকপিয়লৰ এক যুঁজ আৰম্ভ কৰিছিল। যাৰ চূড়ান্ত অনুমোদন পোৱাৰ পিছত, এতিয়া ইয়াৰ তাৰিখো ঘোষণা কৰা হৈছে। স্বাধীনতাৰ পাছত ১৯৫১ চনৰ পৰা ২০১১ চনলৈ সাতবাৰকৈ লোকপিয়ল কৰা হৈছে আৰু ভাৰতত মুঠ ১৫টা লোকপিয়ল কৰা হৈছে। সংখ্যালঘু, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকপিয়লত গণনা কৰা হয়, কিন্তু অন্য জাতিৰ গণনা কৰা নহয়। ১৯৩১ চনৰ পৰা ভাৰতত জাতিভিত্তিক লোকপিয়ল হোৱা নাই। ৯৪ বছৰৰ পাছত মোদী চৰকাৰে জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। লোকপিয়লত এছ চি – এছ টিৰ জনসংখ্যাৰ তথ্য আছে, কিন্তু অ’ বি চিৰ নাই, যাৰ বাবে সংৰক্ষণ নীতি অস্পষ্ট হৈ আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *